নদী পৰ্যটন
অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নদী পৰ্যটনৰ উন্নয়ন বিকাশ সাধন কৰিবৰ বাবে নিম্নলিখিত পদক্ষেপসমূহ হাতত লৈছে:
- গুৱাহাটী স্থিত নদী পাৰসমূহৰ সৌন্দৰ্য্যবৰ্ধনৰ কাৰণে প্ৰচেষ্টা চলোৱা।
- গুৱাহাটীত অস্থায়ী বা ভাসমান ৰেষ্টুৰেণ্ট স্থাপনৰ প্ৰচেষ্টা।
- গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰম্ভ হোৱা ক্ৰুজ সেৱা যাতে গুৱাহাটীৰ বাহিৰৰ পৰ্যটনৰ এলেকাসমূহতো স্থাপন হয় তাৰ বাবে পদক্ষেপ হাতত লোৱা।
- বৰ্তমান অসম চৰকাৰৰ বিভাগীয় উষাবন আৰু বগীনদীয়ে গুৱাহাটী তথা ইয়াৰ সমীপৰ অঞ্চলসমূহত ক্ৰুজ সেৱাৰ যোগান ধৰি আছে।
